কোকৰাঝাৰত বিষাক্ত কাঠফুলা খাই অসুস্থ চাৰিজন লোক - কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 18, 2022, 10:19 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা খাই এতিয়ালৈকে বহুকেইজনে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে অসুস্থ হৈছে বহুজন ৷ কোকৰাঝাৰ জিলাত বিগত 6 মে’ত বিষাক্ত কাঠফুলা ভক্ষণ কৰি দুগৰাকীকৈ যুৱক গুৰুতৰভাৱে অসুস্থহৈ চিকিসাৎধীন হোৱা ঘটনা মাৰ নৌযাওঁতেই পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে ফকিৰাগ্ৰামত ৷ এইবাৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হয় মহিলাসহ চাৰিগৰাকী লোক (Four sick after consuming poisonous mushrooms) ৷ এইলোক কেইজন মনাকোচা গাঁৱৰ সোনাথি ব্ৰহ্ম (30), বানু ব্ৰহ্ম (33), অলংবাৰ ব্ৰহ্ম (32) আৰু যদুমনি গাঁৱৰ ধজু ৰায় (40) বুলি জনা গৈছে ৷ সম্প্ৰতি আটাইকেইজন কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.