হৰিদ্বাৰৰ পাউৰী ঘাটত মাছৰ উজান
🎬 Watch Now: Feature Video
উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ পাউৰী ঘাটত দেখা গ'ল এক বিৰল দৃশ্য ৷ কাহানিও নেদেখা এই দৃশ্যই সকলোকে মোহিত কৰিছে ৷ হৰিদ্বাৰৰ পৱিত্ৰ নদী গংগাৰ এই ঘাটটোত জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে নদীৰ ঘাটলৈ উঠি আহিল সৰু-বৰ বহু মাছ ৷ মাছ দেখি হতবাক হৈ পৰিল স্থানীয় লোক তথা মন্দিৰৰ ভক্তসকল ৷ পানীৰ অভাৱত পাৰত লাগি ধৰা মাছসমূহক উদ্ধাৰৰ বাবে লগে লগে পানীত নামি পৰিল উপস্থিত থকা লোক তথা ভক্তসকল ৷ মাছখিনি উদ্ধাৰ কৰি আন এটা ঘাটত পুনৰ নদীৰ বুকুত মেলি দিলে লোকসকলে ৷ উল্লেখ্য যে, বাৰিষাকাল অহাৰ লগে লগে পাহাৰীয়া অঞ্চলবোৰত গংগা নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাত অৱবাহিকালৈ এনেদৰে উঠি আহিছে মাছ ৷