চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাক্ মূহুৰ্তত এক লাখ চাকৰিৰ সন্দৰ্ভত প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ - বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
🎬 Watch Now: Feature Video
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰৰ প্ৰথমটো বছৰতে গণি গণি এক লাখ চাকৰি দিব বুলি কৰা ঘোষণা বাস্তৱিক অৰ্থত কাৰ্যকৰী হ'লনে ? এই প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (Debabrat Saikia questions Sarma government on employment) । ড৹ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ (First anniversary of Himanta Biswa government) প্ৰাকমুহূৰ্তত এই প্ৰশ্ন তুলিছে বিৰোধী দলপতি গৰাকীয়ে । আনহাতে, গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু যোৰহাট-মাজুলীৰ সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ থকা এছ পি ছিংলা কনষ্ট্ৰাকশ্বন লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈয়ো দাবী তুলিছে বিৰোধী দলপতি গৰাকীয়ে । কিয়নো এই প্ৰতিষ্ঠানটোৱে বিহাৰৰ ভগলপুৰত নিৰ্মাণ কৰি থকা এখন দলং ধুমুহাৰ ফলত ইতিমধ্যে খহি পৰিছে । একেদৰে, অসম আৰক্ষীয়ে ভুৱা সংঘৰ্ষৰে সুৰুয গগৈ নামৰ যুৱকজনৰ হত্যা কৰা সন্দৰ্ভত ইতিমধ্যে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে ।