মহাসপ্তমী উপলক্ষে জোনাইত উখল-মাখল পৰিৱেশ - Durga Puja in Assam
🎬 Watch Now: Feature Video
আজি মহাসপ্তমী ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশে (Durga Puja in Assam) ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা (Durga Puja 2022) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে অসম অৰুণাচল সীমান্ত জোনাইতো আজি পুৱাৰে পৰা মহাসপ্তমী উপলক্ষে দেখা গ’ল অগণন ভক্তৰ ভিৰ (Durga Puja Celebrates in Jonai) ৷ ষষ্ঠীৰ দিনা বেলবৰণেৰে দুৰ্গতিনাশিনীক আদৰাৰ পাছত আজি পূজা মণ্ডপসমূহত মহাসপ্তমীৰ পূজা-অৰ্চনা চলি আছে । আজি দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ আৰু স্থাপন সম্পন্ন কৰা লগতে দেৱীৰ কালৰাত্ৰি ৰূপক পূজা কৰা হয় । দেৱীৰ বন্দনা, ধাক-ঢোল, শংখ, উৰুলিৰে সমগ্ৰ জোনাইতে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ।