ৰণথলীত সম্পূৰ্ণ অসমীয়া গহনাৰে সজোৱা হ’ল দেৱী দুৰ্গাক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 3, 2022, 8:35 PM IST

ৰণথলীৰ পূজা মণ্ডপৰ আছে এক স্বকীয় বৈশিষ্ট (Durga Puja 2022) ৷ কিয়নো এই পূজা মণ্ডপৰ গোঁসানীক পৰিধান কৰোৱা হয় সম্পূৰ্ণ অসমীয়া গহনা (Traditional Assamese ornaments) ৷ অইনবাৰৰ দৰে ব্যতিক্ৰম নহয় এইবাৰো ৷ ৰণথলীৰ পূজা মণ্ডপৰ দেৱীৰ প্ৰতিমাক পৰিধান কৰোৱা হৈছে জোনবিড়ি, গামখাৰু, ঢোলবিড়িৰ পৰা প্ৰতিপদ অসমীয়া গহনা । মহা অষ্টমীৰ নিশা নগাঁৱৰ ৰণথলীৰ বিশেষ পূজা মণ্ডপত উপস্থিত হয় ফেচন ডিজাইনাৰ তথা চলচিত্ৰ পৰিচালিকা গৰিমা শইকীয়া গাৰ্গ (Garima Saikia Garg in Nagaon) ৷ ৰাজ্যবাসীৰ মংগলাৰ্থে মা দুৰ্গাৰ আশীষ ল’লে ফেচন ডিজাইনাৰগৰাকীয়ে (Garima Saikia Garg at Ranthali) ৷ উল্লেখ্য যে, কেঁচা সোণৰ অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা যুৱক ব্যৱসায়ী উৎপল বনিয়াৰ উদ্যোগত আয়োজন কৰা হৈছে এই বিশেষ পূজা ভাগ । এইবাৰ তামিলনাডুৰ আদিযোগীৰ মহাদেৱৰ প্ৰতিমূৰ্তিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ৰণথলীৰ বিশেষ পূজা মণ্ডপটো । পেলনীয়া টিছু কাগজ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপটো । ৰণথলীৰ এই বিশেষ পূজা মণ্ডপৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.