বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে ডিব্ৰুগড় জিলা দিৱসৰ কাৰ্যসূচী আৰম্ভ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়ত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা দিৱস(District Day held in Dibrugarh) । ১৯৭১ চনৰ ২ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা জিলা দিৱসৰ কাৰ্যসূচী উপলক্ষে ডিব্ৰুগড় চৌকিডিংগি খেলপথাৰৰ পৰা উলিওৱা হয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা(Cultural rally in Dibrugarh) । সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে, বৃটিছৰ দিনৰ এম্বেচাদৰ, ৰথ আদিও প্ৰদৰ্শন কৰা হয় । সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে পাঁচ সহস্ৰাধিক জাতি-জনগোষ্ঠীৰ লোকে । তদুপৰি বিধায়ক প্ৰশান্ত ফুকন, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰায়ো অংশগ্ৰহণ কৰে এই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত । এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে কয়, ডিব্ৰুগড় জিলা দিৱস অনুষ্ঠিত কৰি জিলাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰা হৈছে ।