চৰকাৰী গৃহৰ বাবে বিধায়ক নুৰুল হুদাৰ কাষ চাপিল বিশেষভাৱে সক্ষম এগৰাকী লোক - বিধায়ক নুৰুল হুদা
🎬 Watch Now: Feature Video
নগাঁও জিলাৰ ৰূপহীহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪ খনকৈ গাঁও পঞ্চায়ততেই চলিছে কেৱল লুন্ঠনৰাজ ৷ উন্নয়ন খণ্ডটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে জনপ্ৰতিনিধিয়েও শোষণ কৰি গৈছে দুখীয়া-দৰিদ্ৰ লোকৰ তেজ ৷ এইবাৰ চতুৰ্থ বিত্তীয় বৰ্গ, MGNREGA ৰ লগতে PMAYG গৃহ আৱন্টন দিয়াৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে চৰকাৰী আচঁনি বিচাৰি পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিষয়া-কৰ্মচাৰীৰ ঘৰৰ দুৱাৰে দুৱাৰে ঘূৰি আজি পৰ্যন্ত নাপালে কোনো চৰকাৰী অনুদান ৷ ব্যক্তিজনৰ নাম ৰুহুল আমিন ৷ অভিযোগ অনুসৰি, চৰকাৰী গৃহৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিও নাপালে চৰকাৰী আৱাস যোজনাৰ গৃহ ৷ এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৷ অৱশেষত এটা চৰকাৰী গৃহৰ বাবে স্থানীয় বিধায়ক নুৰুল হুদা আৰু সাংসদ গৌৰৱ গগৈৰ ওচৰ পালে বিকলাংগ ৰুহুল আমিন ৷ পিছত বিধায়ক নুৰুল হুদাই ৰুহুল আমিনক এটি চৰকাৰী গৃহ দিয়াৰ আশ্বাস প্ৰদান কৰে সেইয়া যদিও কিমান দূৰ সহায়ক হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব ৷