বহি:ৰাজ্যৰ গাহৰিৰে উপাৰ্জনৰ পথ বাছি ল'লে ধেমাজিৰ যুৱকে - হাৰিয়ানা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 30, 2019, 2:09 PM IST

ধেমাজি,৩০জুন : উন্নত জাতৰ গাহৰি পালনেৰে উপাৰ্জনৰ নতুন পথ বিচাৰি লৈছে ধেমাজিৰ টিকেন কাকতি নামৰ লোকজনে । ধেমাজিৰ নগৰৰ সমীপৰ তুলসীবাৰীত লোকজনে উন্নত জাতৰ গাহৰি পোৱালি উৎপাদনৰ এখন বিশেষ ফাৰ্ম গঢ়ি তুলিছে । লোকজনে বহি:ৰাজ্যৰ পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা 'হুৱাইট ইয়ক চেয়াৰ' নামৰ গাহৰি আনি আৰম্ভ কৰিছে নতুন ব্যৱসায় । ফাৰ্মখনত পোৱালি উৎপাদনৰ বাবে অনা হৈছে ১০০ জনী 'হুৱাইট ইয়ক ছেয়াৰ' মাইকী গাহৰি । ধেমাজি জিলাৰ উপৰিও তিনিচুকীয়া,ডিব্ৰুগড়,শিৱসাগৰ , যোৰহাট আৰু তেজপুৰত বিক্ৰী কৰা হয় ফাৰ্মখনৰ গাহৰি । এটা পৈণত পোৱালি ৪৫০০ টকাৰ পৰা ৫০০০ টকাত বিক্ৰী কৰি ব্যৱসায়ত আশাপদ সহাৰি লাভ কৰিছে বুলি ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য কৰিলে লোকজনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.