thumbnail

By

Published : Jul 28, 2022, 10:19 PM IST

ETV Bharat / Videos

Desh Bhakti Divas: মৰিগাঁৱত দেশভক্তি দিৱস উদযাপন

আজি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত, মৰিগাঁও জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয় মৰিগাঁৱৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যাক মৃত্যু তিথি উপলক্ষে "দেশভক্তি দিৱস" উদযাপন কৰা হয় (Desh Bhakti Divas in Maorigaon) ৷ স্বাধীনতা লাভৰ ৭৫ বছৰ উপলক্ষে এই বছৰ আজাদী কা অমৃৎ মহোৎসৱ উদযাপিত হৈ থকাত আজিৰ অনুষ্ঠানটোই বিশেষ তাৎপৰ্য বহন কৰে ৷ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই সভাপতিত্ব কৰা আজিৰ সভাত বিশিষ্ট সমাজকৰ্মী উপেন চন্দ্ৰ ডেকা আৰু বিশিষ্ট সাংবাদিক ডালিম ফুকন নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৷ লগতে বিশিষ্ট সমাজকৰ্মী বিৰিঞ্চি কুমাৰ শৰ্মায়ো সভাত ভাষণ আগবঢ়ায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.