Demand for cancellation of NPS : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত বাইহাটাত মুকলি সভা - new pension policy
🎬 Watch Now: Feature Video
চৰকাৰী চাকৰি কৰা কোনো ব্যক্তি থাকিব নোৱাৰে কোনো ৰাজনৈতিক দলত । 1969 চনৰ চাৰ্ভিছ ৰোল কডাক্ট মতে অন্যান্য লাভাংশ পোৱা ব্যৱস্থাতো থাকিব নোৱাৰে কোনো চৰকাৰী কৰ্মচাৰী । এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসব কলিতাৰ ৷ দেওবাৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে কলিতাই (Demand for cancellation of new pension policy) । সদৌ অসম নিউলি প্ৰভিঞ্চিলাইজড প্ৰাথমিক শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত দেওবাৰে কামৰূপ জিলাৰ পূৱ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাখনত শতাধিক কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ তীব্ৰ বিৰোধিতা কৰে । নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে (Protest against NPS) ৷