Deer roam free in Guwahati: চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণা...তাৰ পিছত - Deer tranquilised by zoo authorities

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 11, 2022, 12:26 PM IST

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই অহা এটা হৰিণাৰ জোনালীত মুক্ত বিচৰণ(Deer roam free in Guwahati) । সোমবাৰে পুৱা জোনালী পথৰ বাসিন্দা দিবাকৰ গোস্বামীৰ ঘৰৰ চৌহদত মুক্ত বিচৰণ কৰে হৰিণাটোৱে । এই ঘটনাক লৈ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে-বিগত চাৰি বছৰত চিৰিয়াখানাৰ ভিতৰৰ পৰা বহু হৰিণা অন্তৰ্দ্ধান হৈছে । চিৰিয়াখানাৰ চৌহদৰ ভগা দেৱালেৰে ওলাই যায় হৰিণাবোৰ । চিৰিয়াখানাৰ সীমাৰ দেৱাল গীতানগৰ, পূব জাপৰিগোগ, কৃষ্ণ নগৰ আদি বিভিন্ন স্থানত ভগা আছে(Assam State Zoo) । চিৰিয়াখানাৰ ভিতৰৰ পৰা হৰিণাবোৰ খেদি দিয়া হয় আৰু বাহিৰত ৰৈ থকা এটা চক্ৰই হৰিণাবোৰ গাড়ীত উঠাই লৈ যায় বুলিও অভিযোগ উত্থাপিত হৈছে । ভগা দেৱালসমূহ মেৰামতি কৰাৰ বাবে কেইবাবাৰো চিৰিয়াখানা কৰ্তৃপক্ষ, মন্ত্ৰীক স্মাৰক পত্ৰ দিয়া হেছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰে । পুৱাই জোনালীত হৰিণাটো দেখা পোৱাৰ পাছতেই চিৰিয়াখানা কৰ্তৃপক্ষক খবৰ দিয়ে স্থানীয় ৰাইজে । কিন্তু চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰায় চাৰে তিনিঘন্টা পলমকৈ উপস্থিত হৈ ট্ৰাংকুলাইজ কৰে হৰিণাটোক(Deer tranquilised by zoo authorities) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.