পথ উন্নয়নৰ দাবীত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ দহ ঘন্টীয়া অনশন

By

Published : May 26, 2022, 7:43 PM IST

thumbnail
পথ উন্নয়নৰ দাবীত ছিপাঝাৰত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ দহ ঘন্টীয়া অনশন (AASU hunger strike at Darrang)। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ'ৰলেন যুক্ত কৰাৰ দাবীৰে পুৱা ৭ বজাৰ পৰা ৰূপায়ণ কৰে এই অনশন কাৰ্যসূচী (AASU demands four lane road in Darrang)। দৰঙত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন, ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ২০০ বিছনা যুক্ত চিকিৎসালয়লৈ উন্নিত কৰা আদিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । বিশেষকৈ তেজপুৰৰ মিচন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈ ৰাষ্ট্ৰীয় ঘাইপথচোৱা ঠেক হোৱা বাবে দিনে দিনে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে আছু সদস্য সকলে । পথচোৱা শীঘ্ৰে ফ'ৰলেন যুক্ত কৰাৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰে দৰং জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.