তিনিচুকীয়াত কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন - জাৰি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11746694-391-11746694-1620907863985.jpg)
ৰাজ্যখনত ক্ৰমাৎ জটিলতাৰ দিশে আগবাঢ়িছে ক’ভিড-19 ৰ গণ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ পুনৰ জাৰি কৰিছে নতুন ক’ভিড নিৰ্দেশনা ৷ সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷ তিনিচুকীয়াৰ থানা চাৰিআলিত জিলা আৰক্ষী অধীক্ষক ভৈভৱ নিম্বালকাৰৰ নেতৃত্বত মাইকযোগে ৰাইজক ক’ভিড সম্পৰ্কে সজাগ সচেতন কৰা পৰিলক্ষিত হ’ল ৷ উল্লেখ্য যে,বুধবাৰৰ দিনটোত তিনিচুকীয়াত মুঠ 157 গৰাকী লোক ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈ পৰিছে তিনিচুকীয়া জিলা প্ৰশাসন ।
Last Updated : May 14, 2021, 11:08 AM IST