Animal Sacrifice on Eid: গো কুৰ্বানি মুছলমানসকলৰ সাংবিধানিক অধিকাৰ: মহিবুল হক - Cow Sacrifice is a Constitutional Right of Muslims
🎬 Watch Now: Feature Video

‘‘আজমলে মুছলমানসকলক দেশ তথা বিশ্বৰ বুকুত হেয় প্ৰতিপন্ন কৰিছে ৷ লগতে মুছলমান সমাজক উপলুঙা কৰিছে আজমলে’’ ৷ শনিবাৰে এইবাৰ বদৰুদ্দিন আজমৰ বিৰুদ্ধে গৰজি উঠি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ৷ আনকি বদৰুদ্দিন আজমলক অৰ্ধ মুছলমান বুলিও আখ্যা দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, ঈদৰ কুৰ্বানি সন্দৰ্ভত সাংসদ বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ (Badaruddin Ajmal comments on Kurbani) বিৰোধীতা কৰি প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ নেতৃত্বত ধুবুৰীস্থিত সাংসদ আজমলৰ ভাড়া ঘৰৰ সন্মুখত ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীতে গো কুৰ্বানি মুছলমানসকল সাংবিধানিক অধিকাৰ (Islamic ritual sacrifice) বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ।