কৰিমগঞ্জত কৰ’ণাৰ প্ৰতিষেধক নাপাই ৰাইজৰ ক্ষোভ - covid veccine drive in karimganj
🎬 Watch Now: Feature Video
সমগ্ৰ দেশৰ লগতে অসমতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ’ণাই ৷ আনহাতে চৰকাৰৰ ফালৰ পৰাও অব্যাহত আছে কৰ’ণাৰ প্ৰতিষেধক প্ৰদান অভিযান ৷ কৰিমগঞ্জৰ চৰকাৰী চিকিৎসালয়ত বিগত চাৰিটা দিনে কৰ’ণাৰ প্ৰতিষেধক প্ৰদানৰ কাম বন্ধ হৈ থকাৰ পাছত বুধবাৰে পুনৰ আৰম্ভ হৈছে প্ৰতিষেধক প্ৰদান কাৰ্য ৷ কিন্তু বুধবাৰে পোৱাৰে পৰা লানি পাতিও ক’ভিড প্ৰতিষেধক লাভ নকৰা একাংশ লোকে উত্তেজিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী-অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷