শিৱসাগৰত পুনৰ ক’ভিডত ৮ জন আক্ৰান্ত - হোম কোৱাৰেনটাইনত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 7, 2021, 10:03 PM IST

ৰাজ্যত পুনৰ দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা সংক্ৰমণৰ ঘটনা ৷ শিৱসাগৰত বুধবাৰে পুনৰ ৮ গৰাকী লোকৰ দেহত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰে 2 গৰাকী ডিমৌ, ৪ গৰাকী শিৱসাগৰ নগৰ আৰু 2 গৰাকী নাজিৰাৰ । আক্ৰান্ত লোক কেইগৰাকী বহিঃৰাজ্যৰ পৰা অহা বুলি জানিব পৰা গৈছে ৷ আটাইকেইগৰাকী ৰোগী বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে ৷ সম্প্ৰতি জিলাখনত ২৪ গৰাকী কভিড ১৯ ৰোগী থকাৰ বিপৰীতে ৪ গৰাকী ক’ভিড মুক্ত হৈ ঘৰলৈ যাব দিয়া বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.