কণীৰ খোলাত ৰাষ্ট্ৰসংঘৰ পতাকা অংকণেৰে অভিলেখ গঢ়া এজন যুৱক
🎬 Watch Now: Feature Video
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (India Book Of Records)ত নাম অন্তৰ্ভুক্ত কৰিলে চৰাইদেউ জিলাৰ সোণাৰিৰ পাৰ্বতীপুৰৰ ছেংগিজ হাছান নামৰ যুৱকজনে ৷ এটা কণীৰ খোলাত এঘণ্টা 40 মিনিট 8 ছেকেণ্ডৰ ভিতৰতে ৰাষ্ট্ৰসংঘৰ 138 খন সদস্য ৰাষ্ট্ৰৰ পতাকা অংকন কৰি এই সাফল্য লাভ কৰিছে যুৱকজনে ৷ আইন বিভাগত অধ্যয়নৰত ছেংগিজ হাছানৰ এই সাফল্যই গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ চৰাইদেউলৈ । শেহতীয়াকৈ ছেংগিজ হাছানক এছিয়ান বুক অৱ ৰেকৰ্ডছ (Asian Book Of Records)য়েও স্বীকৃতি প্ৰদান কৰা বুলি জানিবলৈ দিছে যুৱকজনে ৷