Birth anniversary of ICAR: মানিকপুৰত উদযাপন ICAR ৰ 94 সংখ্যক জন্ম উৎসৱ - ইণ্ডিয়া কাউন্সিল অৱ এগ্ৰিকালছাৰেল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15840534-thumbnail-3x2-manik.jpg)
আজি 16 জুলাই । ২০১৬ ইং চনৰ 16 জুলাই তাৰিখে জন্ম হৈছিল ইণ্ডিয়া কাউন্সিল অৱ এগ্ৰিকালছাৰেল চমুকৈ ICAR ৰ (94th birth anniversary of ICAR Celebrated at Manikpur)৷ স্বাধীনতাৰ 75 বছৰ উপলক্ষে অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি, সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ মানিকপুৰত উদযাপন কৰা হয় ICAR (Indian Agricultural Research Institute) ৰ জন্ম উৎসৱৰ এক বিশেষ কাৰ্যসূচী ৷ বঙাইগাঁও জিলাৰ কৃষি বিঞ্জান কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই সভাত মাণিকপুৰ অঞ্চলৰ বহু আদৰ্শবান কৃষকৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত খেতিয়ক গাজিউৰ ৰহমান উপস্থিত থাকে । লগতে এই সভাতে ভিডিঅ’ কনফাৰেঞ্চ যোগে দিল্লীত আয়োজিত ICAR ৰ কাৰ্যসূচীৰো অংশীদাৰ হয় অঞ্চলটোৰ কৃষক ৰাইজ ৷ আনকি দিল্লীৰ পৰা বিভাগীয় কৰ্তৃপক্ষই এই ভিডিঅ’ কনফাৰেঞ্চযোগে কৃষকসকলে শস্যৰ উৎপাদন কেনেকৈ দুগুণ বৃদ্ধি কৰিব পাৰি আৰু চৰকাৰে কৃষকৰ বাবে প্ৰস্তুত কৰা বিভিন্ন আঁচনিৰ বিষয়েও অৱগত কৰে ।