ঢোলৰ চাপৰত কঁকাল ভাঙিলে কাজিৰঙাৰ বন কৰ্মীয়ে - Bihu Dance Forest Security Guards of Burhapahar Renge at KNP
🎬 Watch Now: Feature Video
অতীজৰে পৰা চলি অহা পৰম্পৰাৰে ৰাজ্যবাসীয়ে প্ৰতিবছৰে পালন কৰি আহিছে প্ৰাণৰ আপোন ৰঙালী বিহুটি ৷ চৌদিশে ঢোলৰ গুমগুমনি আৰু পেঁপাৰ টিহিটি সুৰত তৰণি নোহোৱা হয় অসমীয়াৰ দেহত ৷ ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰে প্ৰতিজন অসমীয়া ৷ কিন্তু জৰুৰীকালীন বিভাগত নিয়োজিত অসমীয়া লোক সকলে প্ৰতিবাৰে বঞ্চিত হয় বিহুটিৰ পৰা ৷ ৰঙালী বিহুৰ দিনটোত পৰিয়াল তথা আপোনজনৰ লগত এপাক নাচিবলৈ মন থাকিলেও কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা দূৰৈত থাকিবলগীয়া হয় তেওঁলোক ৷ ব্যতিক্ৰম নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত বনকৰ্মী সকলো ৷ তাৰ পাচতো যেন কোনো দুখ নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত এই সকল জোৱানৰ ৷ ঘৰলৈ গৈ আপোনজনৰ লগত এপাক নাচিবলৈ নাপালেও এনে বিহুৰ সময়তে ননচাকৈ কোনেনো থাকিব পাৰে ৷ সেয়েহে কৰ্তব্যৰ মাজতে বননিৰ মাজত ঢোলৰ চাপৰত কঁকাল ভাঙি নাচিলে কাজিৰঙাৰ বন কৰ্মী সকলে ৷