কটনৰ বাকৰিত প্ৰথমবাৰলৈ মুকলি বিহু - কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা
🎬 Watch Now: Feature Video

ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শনিবাৰে বিশ্ববিদ্যালয় চৌহদত উদযাপন কৰা হয় মুকলি বিহু ( Bihu celebration at Cotton University ) । বিশ্ববিদ্যালয়ৰৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদগৰাকীয়ে কয়, ‘‘থলুৱা সংস্কৃতিৰে বিহু উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আয়োজন কৰা হৈছে মুকলি বিহু ।’’ বিশ্ববিদ্যালয়ৰ বাস্কেট বল ৰ্কটত অনুষ্ঠিত হোৱা মুকলি বিহু অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, বহুকেইগৰাকী বিশিষ্ট অতিথি, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে ।