বিহপুৰীয়া সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ উভয়কে লাগে প্ৰাৰ্থীত্ব - গুৱাহাটী মেডিকেল কলেজ হস্পিতাল
🎬 Watch Now: Feature Video
সোমবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰি কোন ঠাইত প্ৰাৰ্থীত্ব কোনে পাব আৰু আসন ভাগ বটোৱাৰা কৰাৰ প্ৰসংগত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বই এক আলোচনাত মিলিত হয় ৷ তেনে সময়তে সোমবাৰেই ৰাইজৰ দলৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকাখন প্ৰকাশ কৰাৰ সম্ভাৱনা আছিল যদিও ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ আবেদন প্ৰক্ৰিয়াৰ আৰম্ভণিৰ দিনাই লাগিল অথন্তৰ। বিহপুৰীয়া সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুয়ো দলকেই লাগে বিধায়ক পদ। পিছে বিহপুৰীয়া সমষ্টি কোনো কাৰণতে অসম জাতীয় পৰিষদক এৰি নিদিয়াৰ হুংকাৰ ৰাইজৰ দলৰ দলীয় কৰ্মীৰ ৷