Bhaona at Kaliabor: কলিয়াবৰত প্ৰদৰ্শন ৰাম বিজয় ভাওনা - ভলাগুৰি সত্ৰ সমবায় সমিতি
🎬 Watch Now: Feature Video

প্ৰতিকুল বতৰকো নেওচি সোমবাৰে নিশা মঞ্চস্থ কৰা হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনা ৰাম বিজয় নাট (Bhaona at Kaliabor)। কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায়ৰ শতবৰ্ষৰ দুদিনীয়া সামৰণি অনুষ্ঠানৰ অংশ হিচাপে মঞ্চস্থ কৰে গুৰুজনাৰ সৃষ্টি ৰাম বিজয়। সমবায়ৰ পূৱথৰীয়াস্থ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা অস্থায়ী মঞ্চত প্ৰদৰ্শিত হয় এই ভাওনাৰ । মাত্ৰ ৬৭০ টকা মূলধনৰে গঠিত কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিত নৱ জাগৰণ সৃষ্টি কৰা ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে পাৰ কৰিলে শতবৰ্ষৰ দেওনা । উল্লেখ্য যে, সমবায় আন্দোলনৰ নেতৃত্ব দিয়া প্ৰয়াত খগেশ্বৰ গোস্বামীয়ে প্ৰতিষ্ঠা কৰিছিল ভলাগুৰি সত্ৰ সমবায় সমিতি ৷