Azadi ka amrit mahotsav, কোকৰাঝাৰত ইউপিপিএলৰ বাইক ৰেলী - আজাদী কা অমৃত মহোৎসৱ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16083239-thumbnail-3x2-jkl.jpg)
বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত শুকুৰবাৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ উপলক্ষে বিটিআৰৰ শাসকীয় তথা ৰাজ্য চৰকাৰৰ সহযোগী দল প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ উদ্যোগত এক বিশাল বাইক ৰেলী উলিওৱা হয়(UPPL Rally at Kokrajhar) ৷ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা এই ঘৰে ঘৰে ত্ৰিৰংগ পতাকা বাইক ৰেলীটো(Har Ghar Tiranga) ৷ বাইক ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ইউপিপিএল দলৰ উপ-সভানেত্ৰী তথা কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মই(UPPL vice president Pratibha Brahma) ৷ ইউপিপিএলৰ এই ৰেলী চহৰখনৰ জেডি ৰোড, আৰএনবি ৰোড হৈ নতুন ৰেলৱে উৰণীয়া সেতুৰে জিলাখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে ৷ ইউপিপিএলৰ বাইক ৰেলীত দলটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সূৰজ মুছাহাৰী, উপ সভাপতি ৰুধিৰ ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক অমূল্য সূত্ৰধৰকে ধৰি ইউপিপিএলৰ কেইবাগৰাকী কেন্দ্ৰীয় আৰু জিলা নেতৃবৰ্গই অংশগ্ৰহণ কৰে ৷
Last Updated : Aug 13, 2022, 12:46 PM IST