বটদ্ৰৱা থানত চুৰি কৰিবলৈ গৈ আটক হ’ল চোৰ

By

Published : Jun 15, 2022, 9:16 PM IST

thumbnail
ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে চোৰৰ উপদ্ৰৱ ৷ প্ৰতিনিশাই বিভিন্ন প্ৰান্তত চলিছে চোৰৰ চাফাই অভিযান । আৰক্ষীৰ চকুত ধূলি দি চোৰে প্ৰতি নিশাই চলাই গৈছে চাফাই অভিযান । শেহতীয়াকৈ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত সংঘটিত হৈছে চুৰিকাণ্ড (Thief at Batadrava Than) ৷ চোৰে তীৰ্থস্থানখনৰ বহু মূল্যৱান সামগ্ৰী লুটি উধাও হোৱাৰ (Attempts to loot valuables of Batadrava Than) সময়তে সেই স্থানত থকা কোনো তীৰ্থযাত্ৰীয়ে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনাটো ৷ তাৰ পাছতে ধৃত চোৰটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰি সাৰিবলৈ চেষ্টা কৰে যদিও ৰাইজে খেদি খেদি আটক কৰে চোৰটোক । ধৃত চোৰটো ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত বটদ্ৰৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছহিদুল ইছলামক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.