কামপুৰত ATM প্ৰৱঞ্চক আৰক্ষীৰ জালত

By

Published : Sep 27, 2022, 1:37 PM IST

thumbnail

কামপুৰত আৰক্ষীৰ জালত ATM প্ৰৱঞ্চক(Fraud arrest in Kampur) । কামপুৰ আৰক্ষী আৰু কঠীয়াতলী আৰক্ষীৰ যুটীয়া অভিযানত নিশা কঠীয়াতলীৰ পৰা এটা ATM প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হয় । ধৃত প্ৰৱঞ্চকটোৰ নাম ইমানুল হক বুলি জানিব পৰা গৈছে । আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বৰদোৱাৰ এই ATM প্ৰৱঞ্চকটোৰ পৰা আৰক্ষীয়ে মানিক চন্দ্ৰ বৰা নামৰ এজন লোকৰ ATM কাৰ্ডকে ধৰি মুঠ ৬ খন ATM কাৰ্ড, এখন স্কুটি, এটা হেলমেট আৰু কেইবাখনো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছে(Offensive document seized from fraudsters)। বৰ্তমানেও প্ৰৱঞ্চকটোক কামপুৰ আৰক্ষী থানাত সোধপোচ অব্য়াহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.