thumbnail

মেঘালয়ত অসমৰ শিল্পীক লুট-পাত

By

Published : Sep 5, 2022, 5:41 PM IST

মেঘালয়ত অসমৰ শিল্পী দলক লুট-পাতৰ ঘটনা (Assamese artists are being tortured in Meghalaya)৷ নংষ্ট্ৰেইন-শ্বিলং সংযোগী পথত সংঘটিত হৈছে এই ঘটনা । উদীয়মান শিল্পী ৰাম কিষাণৰ গীত এটিৰ দৃশ্যগ্ৰহণৰ বাবে শিল্পী দলটো মেঘালয়লৈ গৈছিল ৷ শ্বুটিং চলি থকাৰ সময়তে এখন ৰঙা ৰঙৰ এল্ট'ৰে শিল্পী দলটোৰ বাট আগচি ধৰে ৷ তিনিটা দুৰ্বৃত্তই দাবী-ধমকিৰে শিল্পী দলটোৰ পৰা লুটি নিয়ে প্ৰায় ৬ হাজাৰ টকা । দৃশ্যগ্ৰহণৰ সময়ছোৱাত উপস্থিত আছিল এটা দুৰ্বৃত্ত । নৃত্য পৰিচালক মনোজ মনৰ চশমা কাঢ়ি নিয়ে দুৰ্বৃত্তটোয়ে । দৃশ্যগ্ৰহণৰ সময়ছোৱাত মদ্যপান কৰি শ্বুটিংস্থলীত উপস্থিত আছিল দুৰ্বৃত্তটো ৷ শ্বুটিংস্থলীত উপদ্ৰৱ চলাইছিল দুৰ্বৃত্তটোয়ে ৷ ম'বাইলত আৱদ্ধ এটা দুৰ্বৃত্তৰ ভিডিঅ'। ৯জনীয়া শিল্পীৰ দলটো দুখন বাহনেৰে মেঘালয়লৈ গৈছিল ৷ অভিনেত্ৰী প্ৰিয়ংকা শইকীয়া আছিল শিল্পীৰ দলটোত ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে(complaint was filed at Boko police station) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.