ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে প্ৰস্তুত কৰিছে এটি বিশেষ গীত

🎬 Watch Now: Feature Video

thumbnail
সমাজৰ পৰা মাৰাত্মক ড্ৰাগছ নিৰ্মূলৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ ৷ সজাগতাৰ বাবে এটি গীত প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে ৷ গীতটোৰ কথা বিজিয়েতা পাটগিৰিৰ, সংগীত ব্যৱস্থাপনা কৰিছে জনপ্ৰিয় সংগীত শিল্পী দিক্ষুৱে ৷ আনহাতে গীতটোত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত, বৰ্ণালী কলিতা আৰু দিক্ষু আদিয়ে ৷ অসম আৰক্ষীৰ এই পদক্ষেপত সঁহাৰি জনাইছে মেঘালয় আৰক্ষীয়েও ৷ যুটীয়াভাৱে দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে অভিযান চলাব ড্ৰাগছৰ বিৰুদ্ধে ৷ অসমৰ লগতে মেঘালয়তো সম্প্ৰচাৰ হ'ব এই বিশেষ গীতটো ৷ প্ৰখ্যাৎ ব্ৰিটিছ সংগীতজ্ঞ জন লেননৰ "দ্য চেম চেম" এলবামৰ জনপ্ৰিয় গীত "ইমাজিন"ৰ আধাৰত ৰচনা কৰা হৈছে এই গীতটো ৷ 1971 চনত মুক্তি পাইছিল এই গীতটোৱে ৷ গীতটোত যুদ্ধ বিহীন এখন বাধাহীন, জাতি-বৰ্ণৰ ভেদাভেদ নোহোৱা পৃথিৱীৰ কল্পনা কৰা হৈছে ৷ অসম আৰক্ষীৰ এই গীতটোতো তেনেদৰেই এখন নিচামুক্ত পৃথিৱীৰ কল্পনা কৰি ৰচনা কৰা হৈছে আৰু সমাজক আহ্বান জনোৱা হৈছে নিচাৰ পৰা আঁতৰি থাকিবলৈ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.