Jharkhand political crisis: ঝাৰখণ্ড চৰকাৰ ভঙা পতাক লৈ মুখ্যমন্ত্ৰী সিদ্ধহস্ত নহয়: ভৱেশ কলিতা

By

Published : Aug 3, 2022, 9:42 PM IST

thumbnail
লাহোৱাল আৰু চাবুৱা বিধানসভা সমষ্টিত দলীয় সাংগঠনিক দিশ তদাৰক কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ত বুধবাৰে উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(Assam BJP President) । লাহোৱালত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা সময়তেই ঝাৰখণ্ডৰ ৰাজনীতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খোৱাক লৈ সংবাদমাধ্যমে কৰা এক প্ৰশ্নৰ উত্তৰত সভাপতিগৰাকীয়ে (Assam BJP President reaction of Jharkhand political crisis) কয় যে, ঝাৰখণ্ড চৰকাৰ ভঙা পতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সিদ্ধহস্ত নহয় । নিজৰ মাজত সংঘটিত বিসম্বাদক লৈ অসমৰ মুখ্যমন্ত্ৰীক সাঙুৰি লোৱা কাৰ্য সমৰ্থন যোগ্য নহয় । ঝাৰখণ্ডত নিজৰ নিজৰ দল নিজে ঠিক কৰক বুলিও মন্তব্য কৰে ভৱেশ কলিতাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.