সাতদফীয়া দাবীৰে ডিব্ৰুগড়ত আমছুৰ প্ৰতিবাদ - ডিব্ৰুগড়ত আমছুৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16182060-thumbnail-3x2-fg.jpg)
ৰাজ্যত ৰন্ধন গেছ, ডিজেল, পেট্ৰলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত আমছুৰ প্ৰতিবাদ ৷ আমছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে মঙ্গলবাৰে ডিব্ৰুগড় জিলা চৌকিডিঙ্গী চাৰিআলিৰ জিৰণি বাটচৰাত মূল্যবৃদ্ধি ৰোধৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AMSU protest in Dibrugarh )। অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হুচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰক, ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰক, বহিঃৰাজ্যত নিয়োজিত অসমৰ শ্ৰমিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্ল'গানেৰে হাতে হাতে প্লে কাৰ্ড প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ (AMSU protests demanding stop price hike)৷ প্ৰতিবাদৰ অন্তত আমছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আমছুৰ শতাধিক নেতা কৰ্মীয়ে ৷