পিতৃৰ হাতত প্ৰাণ হেৰুৱালে পুত্ৰই : পুত্ৰহন্তা পিতৃক গ্ৰেপ্তাৰ - Father murdered son
🎬 Watch Now: Feature Video

শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰুৱা পুখুৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Murder Case in Amguri) । পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ (Father murdered son) । হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱা পুখুৰীত পিতৃয়ে হত্যা কৰে পুত্ৰক । দিন দুপৰতে ঘৰৰ ভিতৰতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । ঘৰুৱা কন্দলৰ পৰিণতিতে পিতৃ জগন্নাথ মোডীয়ে চোকা অস্ত্ৰৰে ডিঙিৰ লগতে শৰীৰৰ বহু ঠাইত আঘাত কৰে পুত্ৰ টুফানক । ফলত থিতাতে প্ৰাণ হেৰুৱাই টুফান মোডীয়ে । ঘটনাস্থলীত স্থানীয় হালোৱাটিং আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত । লগতে আৰক্ষীয়ে ঘটনাস্থলীৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত জগন্নাথ মোডীক(Murderer arrested in Amguri) ।