ৰূপজ্যোতি কুর্মী প্ৰতাৰক আৰু বিশ্বাস ঘাটক: অখিল গগৈৰ মাতৃ - মৰিয়নী সমষ্টি
🎬 Watch Now: Feature Video
"ৰূপজ্যোতি কুর্মী এটা প্ৰতাৰক, মিছলীয়া আৰু বিশ্বাস ঘাটক ৷" এই মন্তব্য কাৰাৰুদ্ধ কৃষক নেতা তথা বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ । ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ লগে লগে মৰিয়নীৰ বিধায়ক পদ এনেদৰে ত্যাগ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে এনেদৰে ক্ষোভ প্ৰকাশ কৰে প্ৰিয়দা গগৈয়ে । বিগত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত অখিল গগৈৰ মাতৃক সেৱা কৰি নিজকে প্ৰিয়দা গগৈৰ সৰু পুত্ৰ বুলি ঘোষণা কৰি নিৰ্বাচনী যুঁজত নামি বিজয়ী হোৱা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিজেপি দলত যোগদান কৰাৰ উদ্দেশ্যে অসম বিধান সভাৰ পৰা পদত্যাগ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে মাতৃগৰাকীয়ে । বিধায়ক কুৰ্মীৰ বিজেপি গমনক লৈ তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰি অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে কয় যে, ৰূপজ্যোতি কুর্মীয়ে মৰিয়নী সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিলে ৷ মাতৃ হিচাপে ৰূপজ্যোতি কুৰ্মীক পুত্ৰ বুলি গণ্য কৰিছিল যদিও এতিয়া সেই সম্বন্ধ আৰু নাই বুলি ক্ষোভ উজাৰে প্ৰিয়দা গগৈয়ে ৷