গুৱাহাটী: অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনে ৰাজহুৱা হোৱাৰ লগে লগে তোলপাৰ লাগিছে । কেলেংকাৰীত জড়িত এজন ব্যক্তিৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে বহু লোকৰ মুখা খুলিছে । এ পি এছ চি কেলেংকাৰীৰ তদন্ত আয়োগৰ প্ৰতিবেদনৰ দ্বিতীয় খণ্ডৰ ৫০৭ পৃষ্ঠাত সেই সময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আৰু বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে ২০১৪ চনত ৩ লাখ টকা লোৱাৰ কথা প্ৰকাশ পাইছে । এইক্ষেত্রত সেই সময়ত সংগঠনটোৰ নেতৃত্ব দিয়া বৰ্তমানৰ বিধায়ক অখিল গগৈৰ নামো প্ৰকাশ পাইছে । যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে ।
সংগঠনটোৰ নামত কমল কুমাৰ মেধিয়ে ৰাকেশ পালৰ পৰা ৩ লাখ টকা লোৱাৰ ঘটনা সন্দৰ্ভত কমল কুমাৰ মেধিক ৰাজহুৱাকৈ স্পষ্টীকৰণ দিয়াৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে । মঙলবাৰে এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে তেওঁৰ গুৱাহাটীস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
তেওঁ কয়, "বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্রতিবেদনে প্ৰমাণ কৰি দিলে এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধাৰাবাহিকভাৱে উত্থাপন কৰা তথ্যসম্বলিত অভিযোগৰ সত্যতাক । এই সমিতিৰ প্ৰতিবেদনে এইটোও উদঙাই দিলে যে বিজেপি চৰকাৰৰ দিনত অসম আৰক্ষী আৰু এছ আই টিয়ে চলাই অহা তদন্তও পক্ষপাতদুষ্ট । বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন চৰকাৰে সময়মতে বিধানসভাত দাখিল কৰা হ'লে আইনী সুৰুঙাৰে অভিযুক্ত বিষয়াই পুনৰ নিযুক্তি লাভ কৰিব নোৱাৰিলেহেঁতেন ।"
অখিল গগৈয়ে লগতে কয়, "সমিতিয়ে স্পষ্টভাৱে ২০১৩ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ সমূহ নিযুক্তি বাতিল কৰিবৰ কাৰণে পৰামৰ্শ দিছে । লগতে সমিতিয়ে ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰো পুংখানুপুংখ তদন্তৰ পোষকতা কৰিছে । ৰাইজৰ দলে এই দুয়োটা পৰামৰ্শ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰে । লগতে ৰাইজৰ দলে ৰাকেশ পালৰ দিনত হোৱা কেৱল সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰে নহয়, সকলো ধৰণৰ নিযুক্তিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে ।"
তেওঁ লগতে কয়, "বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ দ্বিতীয় খণ্ডৰ ৫০৭ নম্বৰ পৃষ্ঠাত ডাঃ মৃগেন শইকীয়াৰ উল্লিখিত স্বীকাৰোক্তি অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা কমল কুমাৰ মেধিয়ে ৰাকেশ পালৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ অৰ্থাৎ মোৰ নামত তিনি লাখ টকা লৈছিল । ৰাজসাক্ষী হোৱা ডাঃ মৃগেন শইকীয়াৰ মতে এই ঘটনা সংঘটিত হৈছিল ২০১৪ চনত । এই সন্দৰ্ভত কমল কুমাৰ মেধিক তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ মই ৰাজহুৱাভাৱে আহ্বান জনাইছো ।"
এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্রাম সমিতিয়ে চলোৱা ধাৰাবাহিক সংগ্ৰামখনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, "২০১৫ চনৰ ৫ জুনত অসম লোকসেৱা আয়োগৰ কাৰ্যালয় ঘেৰাও কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভূতপূর্ব প্রতিবাদ সাব্যস্ত কৰিছিল । অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ অপসাৰণ, চি বি আই তদন্ত আৰু আয়োগৰ সংস্কাৰৰ দাবী কৰিছিল । ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু অসম বিধানসভাৰ বিৰোধী নেতাজনলৈয়ো স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হৈছিল ।"
এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰোতে গ্ৰেপ্তাৰ হোৱাৰ প্ৰসংগ উল্লেখ কৰি অখিল গগৈয়ে কয়, "২০১৫ চনৰ ১৫ জুনত অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত, অধ্যক্ষৰ অপসাৰণ আৰু সংস্কাৰৰ দাবীত মই অনশন কৰিছিলো । ইয়াৰ পাছত ২০১৫ চনৰ ১৬ জুনত অনশনস্থলীৰ পৰা মোক গ্ৰেপ্তাৰ কৰা হৈছিল । ২০১৫ চনৰ ১৭ জুনত ৰাজ্যজুৰি এ পি এছ চিৰ দুৰ্নীতিৰ বিৰুদ্ধে কৃষক মুক্তি, ছাত্ৰ মুক্তিয়ে আন্দোল গঢ়ি তুলিছিল । কৃষক মুক্তিৰ সাধাৰণ সম্পাদক অনিল বড়োক জে'ললৈ প্ৰেৰণ কৰা হৈছিল । ২০১৫ চনৰ ১৮ জুনত এ পি এছ চিৰ দুৰ্নীতিৰ তদন্তৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিশাল নাগৰিক সভা অনুষ্ঠিত কৰি ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছিল । আনহাতে, ২০১৫ চনৰ ৩০ জুনৰ অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তথ্য কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তদন্তকাৰী বিষয়াৰ ওচৰত দাখিল কৰিছিল । এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অবিৰতভাৱে দীঘলীয় সংগ্ৰাম চলাই আহিছিল ।"
এ পি এছ চি কেলেংকাৰী প্ৰসংগত আদালতৰ কাষ চপাৰ কথা উল্লেখ কৰি তেওঁ কয়, "২০১৫ চনৰ ১৭ জুলাইত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল । ২০১৫ চনৰ ১৬ আগষ্টত এ পি এছ চি নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অনশন কৰিবলৈ গৈ মই গ্ৰেপ্তাৰ হৈছিলো । ইয়াৰ পিছত ২০১৫ চনৰ ১৫ অক্টোবৰত এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায়দান দিয়ে । ৰাকেশ কুমাৰ পালৰ বিৰুদ্ধে চি বি আই তদন্ত দিয়া হয় । এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে চলোৱা দীঘলীয়া সংগ্ৰামে প্ৰমাণ কৰে যে ৰাকেশ কুমাৰ পালৰ পৰা ধন ল’লে এনে আপোচবিহীন ধাৰাবাহিক সংগ্রাম চলাই যোৱাটো সম্ভৱপৰ নহয় ।"
তেওঁ লগতে কয়, "এটা কেলেংকাৰী কেৱল কেইজনমান বিষয়াই কৰাটো সম্ভৱ নহয় । এই প্ৰতিবেদনত কিন্তু ৰাজনৈতিক ক্লাছটোক দোষী সাব্যস্ত কৰা আমি দেখিবলৈ নাপালো । তৰুণ গগৈৰ দিনত এই কেলেংকাৰী হৈছিল আৰু তেওঁক দোষী সাব্যস্ত কৰা হোৱা নাই । গোটেই কেলেংকাৰীটোৰ ৰক্ষণাবেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰিত হৈছিল । কিন্তু তেওঁৰ নাম ইয়াত নাই । আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছিল যদিও তেওঁৰ নামো ইয়াত নাই । সেয়ে আমি ভাবো যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন আধৰুৱা ।" সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াও উপস্থিত থাকে ।