ETV Bharat / state

কপিকুলৰ ৰাজত্ব, চন পৰি ৰৈছে বিঘাই বিঘাই কৃষিভূমি - MONKEY MENACE IN NAGAON

আছে বৃহৎ কৃষিপথাৰ, পথাৰতো আছে পৰ্যাপ্ত পানী, কিন্তু কৰিব নোৱাৰে খেতি ।

Farmers have not been able to cultivate due to monkey menace in several villages of Nagaon
বান্দৰৰ উপদ্ৰৱত কৃষকে কৰিব পৰা নাই খেতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 8:49 PM IST

চামগুৰি: বৃহৎ কৃষিপথাৰ, পলসুৱা ভূমি, পথাৰত পানী আদি সকলো উপলব্ধ হোৱাৰ পাছতো খেতি কৰিব নোৱৰা হৈছে কেইবাখনো গাঁৱৰ শ শ কৃষকে । কাৰণ বান অথবা আন কোনো প্ৰাকৃতিক দুৰ্যোগ নহয় । বান্দৰৰ বাবে কোনো খেতিয়েই কৰিব নোৱৰা হৈছে নগাঁও জিলাৰ চামগুৰি, বঢ়মপুৰ বিধানসভা সমষ্টিৰ কেইবাখনো গাঁৱৰ কৃষকে । শ শ বান্দৰৰ জাকে এতিয়া গাঁওকেইখনত চলাইছে উপদ্ৰৱ ।

বান্দৰৰ উপদ্ৰৱে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক । ৰাজ্যৰ ভিন্ন প্ৰান্তত হস্তী-মানুহৰ সংঘাতৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়ত নগাঁৱৰ প্ৰায় দহখনকৈ গাঁৱত দিনক দিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বান্দৰৰ সমস্যা । জিলাখনৰ চামগুৰি, বঢ়মপুৰ, পুৰণিগুদাম, আউনীআটী, গধৰীয়া কৰয়নী, চলচলি নলবৰাগাঁৱকে আদি কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বান্দৰৰ উপদ্ৰৱে এতিয়া ত্ৰাহিমধুসূদন দেখুৱাইছে ৰাইজক ।

বান্দৰৰ উপদ্ৰৱত কৃষকে কৰিব পৰা নাই খেতি (ETV Bharat Assam)

কি ঘৰ-বাৰী, কি খেতি-মাটি, সকলোতে এতিয়া যেন চলিছে বান্দৰৰ ৰাজত্ব । বান্দৰৰ উপদ্ৰৱৰ বাবে এতিয়া খেতি কৰিবলৈ এৰিছে সাধাৰণ কৃষকে । আলু, বিলাহীতো দূৰৈৰে কথা পিঁয়াজৰ খেতি পৰ্যন্ত কৰিব নোৱৰা হৈছে কৃষকে । গছৰ পুলি পৰ্যন্ত উভালি খাই বান্দৰৰ জাকে । গাঠিৰ ধন ভাঙি কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতি ঘৰলৈ চপাই আনিবলৈ সক্ষম নহয় গাঁওকেইখনৰ কোনো এগৰাকী কৃষকে ।

পথাৰত থাকোতেই খেতি পথাৰ খাই তহিলং কৰে বান্দৰৰ জাকে । কেৱল খেতি পথাৰতেই নহয়, খেতি পথাৰত উপদ্ৰৱ চলোৱাৰ সমান্তৰালভাৱে গৃহস্থৰ ঘৰৰ ভিতৰতো ভয়ংকৰভাৱে নিতৌ উপদ্ৰৱ চলাই কপিকুলৰ জাকে । ঘৰৰ ভিতৰতো প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰী নষ্ট কৰে বান্দৰৰ জাকে । আনকি কপিকুলৰ আক্ৰমণৰ বলি হৈ বহুলোকে বহু সময়ত চিকিৎসকৰ কাষ চাপিব লগাও অৱস্থাৰ সৃষ্টি হৈছে । ইপিনে বান্দৰৰ উপদ্ৰৱৰ মাজতো বঢ়মপুৰ গধৰীয়া কৰয়নী গাঁৱৰ দৰিদ্ৰ কৃষকে দুবেলা দুমুঠি অন্নৰ স্বাৰ্থত অসম চৰকাৰৰ অধীনৰ জলসিঞ্চন বিভাগৰ সহায়ত বিঘাই বিঘাই বৰো ধানৰ খেতি কৰিছে যদিও কপিকুলৰ উপদ্ৰৱৰ পৰা খেতিডৰা যে সুকলমে চপাব পাৰিব তাক লৈ আগতীয়াকৈ চিন্তিত হৈ পৰিছে কৃষকসকল ।

উল্লেখযোগ্য যে বহু সময়ত বান্দৰৰ সমস্যাৰ বিষয়টো বিধানসভাৰ মজিয়াতো স্থান পাইছে যদিও আজিকোপতি কোনোধৰণৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় কৃষকসকলে । লক্ষ্যণীয়ভাৱে চৰকাৰ তথা বিভাগৰ ফালৰ পৰা শীঘ্ৰে বান্দৰৰ উপদ্ৰৱ দূৰীকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত বান্দৰৰ সমস্যাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰাটো নিশ্চিত বুলিও শংকা প্ৰকাশ কৰিছে স্থানীয় কৃষকসকলে ।

লগতে পঢ়ক: জলবায়ু পৰিৱৰ্তন নে আন কিবা ? প্ৰৱাহিত নোনা নৈত নাই এডোঙাও পানী - NONA RIVER HAS DRIED UP

দুবছৰে ন্যায় অপেক্ষাত এটা পৰিয়াল, ন্যায়ালয়ৰ হস্তক্ষেপত পুনৰ তদন্ত - REINVESTIGATION OF DEATH CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.