ETV Bharat / state

এডভাণ্টেজ আছাম: শোণিতপুৰত ১,৫০০ কোটি বিনিয়োগৰ সম্ভাৱনা - ADVANTAGE ASSAM 2

২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ ৷ শোণিতপুৰতো প্ৰশাসনৰ উদ্যোগত চলিছে প্ৰস্তুতি ৷

ADVANTAGE ASSAM 2
জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 9:24 PM IST

তেজপুৰ: ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া “এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫” ৰ লগত সংগতি ৰাখি শোণিতপুৰতো ইয়াৰ বাবে প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে ৷

উল্লেখযোগ্য যে জিলাখনত ইতিমধ্যে প্ৰায় ১,৫০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা বুলি মঙলবাৰে প্ৰকাশ কৰিছে শোণিতপুৰৰ আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ তেওঁ লগতে কয় যে এডভাণ্টেজ আছামৰ লক্ষ্য পূৰণ হ’বলৈ হ’লে জিলাসমূহতো উৎপাদন, উপাৰ্জন তথা অৰ্থনৈতিক বিকাশ বৃদ্ধি পাব লাগিব ৷

তেওঁ আৰু কয় যে বিনিয়োগৰ লগতে স্থানীয় লোকৰ নিয়োগকে ধৰি অন্যান্য বিভিন্ন দিশৰ প্ৰতি গুৰুত্ব দিয়া হৈছে আৰু ৫০ কোটিলৈকে বিনিয়োগৰ ক্ষেত্ৰত জিলা প্ৰশাসনেই বুজাবুজিৰ চুক্তি সম্পাদন কৰাৰ বিপৰীতে ইয়াতকৈ অধিক পৰিমাণৰ বিনিয়োগ হ’লে বিষয়টো ৰাজ্যিক পৰ্যায়তহে চুক্তি কৰা হ’ব ৷

সোমবাৰে শোণিতপুৰৰ জিলা আয়ুক্ত ভৰালীৰ সভাপতিত্বত জিলাখনৰ বিভিন্ন বেংকৰ বিষয়াসকলৰ সৈতে এডভাণ্টেজ আছাম সন্দৰ্ভত এক জিলা পৰ্যায়ৰ প্ৰস্তুতিমূলক বৈঠকো অনুষ্ঠিত হৈ যায় ৷ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত এল ডি এম আচাৰ্য সোণোৱাল আৰু শোণিতপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক মৰ্গান মেষ্টন, নাবাৰ্ডৰ বিষয়াকে ধৰি অন্যান্য সংশ্লিষ্ট বিষয়াসকলে অংশগ্ৰহণ কৰে ।

এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ এক আভাস প্ৰদান কৰি বিনিয়োগৰ সুযোগ গঢ়ি তোলাত বেংকৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে আয়ুক্তগৰাকীয়ে ৷ শেহতীয়াকৈ বিশ্বনাথ জিলাৰ সহযোগত এডভাণ্টেজ আছাম ২.০ সন্দৰ্ভত শোণিতপুৰত অনুষ্ঠিত হোৱা মাণ্ডলিক পৰ্যায়ৰ কৰ্মশালাৰ বিষয়ে বিষয়াসকলক অৱগত কৰি তেওঁ বেংকসমূহে ঋণৰ আবেদন ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

তদুপৰি, জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছাম ২.০ ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা কৰিব বুলিও তেওঁ জনায় । এই উপলক্ষে বিভিন্ন আঁচনি আৰু বিভাগৰ অধীনত ঋণ অনুমোদন পত্ৰও যোগ্য হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক: এডভাণ্টেজ অসম ২.০ত জাপান-ছিংগাপুৰৰ সৈতে হ'ব বুজাবুজিৰ চুক্তি: মুখ্যমন্ত্ৰী শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.