thumbnail

By

Published : Aug 18, 2022, 8:40 PM IST

ETV Bharat / Videos

আৰক্ষীৰ অনুমতিত পথ সুৰক্ষাৰ নামত সামগ্ৰী বিক্ৰীৰ গইনা লৈ পথত গুণ্ডা টেক্স সংগ্ৰহৰ অভিযোগ

তেজপুৰৰ কলিয়াভোমোৰা সেতুৰ ওপৰত গুণ্ডা টেক্স সংগ্ৰহ ৷ ট্ৰাকচালকক প্ৰহাৰ কৰি তেওঁলোকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ অভিযোগ উত্তৰ প্ৰদেশৰ এটা পাঁচজনীয়া দলৰ বিৰুদ্ধে ৷ শোণিতপুৰ আৰক্ষীৰ অনুমতি লৈ পথ সুৰক্ষাৰ নামত বিভিন্ন সা-সামগ্ৰী বিক্ৰী কৰাৰ অনুমতি পাইছিল এটা দলে ৷ কিন্তু সামগ্ৰী বিক্ৰীৰ গইনা লৈ পথত গুণ্ডা টেক্স সংগ্ৰহৰ অভিযোগ হৈছে এই দলটোৰ বিৰুদ্ধে (Collecting hooligan tax on streets for selling goods in name of road safety) ৷ অৱশেষত গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ অভিযোগৰ ভিত্তিত বহিঃ ৰাজ্যৰ এই চক্ৰটোক আৰক্ষীয়ে আটক কৰিলে ৷ আটকাধীন অভিযুক্ত যুৱককেইজন ক্ৰমে কাজলু ৰাজা, দীপক কুমাৰ, কাছিম ৰিজিয়াম আৰু পৱন কুমাৰ বুলি জানিব পৰা গৈছে ৷ তেজপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অনুমতি সাপেক্ষে বহিঃৰাজ্যৰ এই চক্ৰটোক দিনৰ ভাগত পথ সুৰক্ষাৰ সামগ্ৰী বিক্ৰী কৰিবলৈহে অনুমতি প্ৰদান কৰা হৈছিল ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই চক্ৰটোৱে মংগলদৈত এনেদৰে গুণ্ডা টেক্স সংগ্ৰহ কৰি ট্ৰাক চালকসকলক হাৰাশাস্তি কৰি অহাৰো অভিযোগ উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.