হৰি নামৰ ধ্বনিৰে মুখৰিত লেতেকুপুখুৰীৰ বাকৰি
🎬 Watch Now: Feature Video
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি (426th Death anniversary of Madhavdev observe) । আজি সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে গুৰুজনাক । হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ তথা নামঘৰসমূহ । ব্যতিক্ৰম নহয় মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীও (Letekupukhuri birthplace of Madhavdev) ৷ লেটেকুপুখুৰীত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি । পুৱাৰে পৰা ডেকা-গাভৰু, আবাল-বৃদ্ধ, বনিতাই গুৰুজনাক স্মৰণ কৰাৰ উদ্দেশ্য উপস্থিত হৈছেহি মহাপুৰষজনাৰ জন্মস্থানত । সকলোৱে নেদেখাজনৰ ওচৰত সেৱা লৈ আশিষ বিচাৰিছে ৷