উখল মাখল বৰগছ: কাজিৰঙাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

By

Published : May 6, 2022, 1:15 PM IST

thumbnail

শুকুৰবাৰেও পুৱাৰে পৰা উখল মাখল হৈ পৰে কাজিৰঙা ৷ কাজিৰঙাত বিজেপি আৰু মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়ক-সাংসদৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা ৷ কাজিৰঙাৰ অভিজাত আৰু বিলাসী ৰিজ'ৰ্ট "বৰগছ"ত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কসকলৰ বিগত এবছৰীয়া কামৰ খতিয়ান লয় মুখ্যমন্ত্ৰীয়ে । আজি পুৱাৰে পৰা "বৰগছ"লৈ আগমন ঘটিছে মন্ত্ৰী, সাংসদ, বিধায়কৰ । বিশেষকৈ সমষ্টিৰ উন্নয়ন,আগন্তুক সময়ত ৰূপায়ণ হবলগীয়া বিভিন্ন আঁচনি আদিৰ সন্দৰ্ভত এই পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয় । উক্ত বৈঠক বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.