শীঘ্ৰেই মৰিগাঁৱত উপলব্ধ হ'ব 19খন ICU যুক্ত বিচনা - মৰিগাঁও জিলা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12099274-thumbnail-3x2-mrg.jpg)
শুকুৰবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা । চিকিৎসালয়খনত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চিকিৎসালয়খনত সংযোজিত হোৱা 19 খনকৈ ICU যুক্ত বিচনা 30 জুনৰ ভিতৰত মুকলি কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ জাৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷ চিকিৎসালয় পৰিদৰ্শনৰ অন্তত দুয়োগৰাকী মন্ত্ৰীয়ে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰে ৷ সভাত জিলাখনৰ শীৰ্ষ বিভাগসমূহক বিভিন্ন আঁচনিৰ প্ৰতিবেদন প্ৰস্তুত কৰিব বাবে নিৰ্দেশনা দি সেই প্ৰতিবেদনৰ ভিতৰত আগন্তুক দিনত চৰকাৰী আঁচনি ৰূপায়ন কৰা হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷