বাৰ্থডে' পাৰ্টীত অংশগ্ৰহণ কৰাৰ কথা কৈ আলফা(স্বা)লৈ গ’ল নেকি যুৱক ? - suspected ULFA I joining of Kampur youth
🎬 Watch Now: Feature Video
পুনৰ আলফা স্বাধীনলৈ তিনি যুৱক । বৰ্তমান কামপুৰ পটিয়াপামৰ তিনিজন যুৱক আলফা স্বাধীনত যোগদানৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ আটাইকেইজন ম্যানমাৰ শিবিৰত যোগদান কৰাৰ সন্দেহ কৰা হৈছে (suspected ULFA-I joining of Kampur youth) । এই তিনি যুৱকক্ৰমে কামপুৰ পটীয়াপামৰ প্ৰবিন বৰা আৰু ৰীণা বৰাৰ কনিষ্ঠ পুত্ৰ তন্ময় বৰা(১৯) কামপুৰ বনপালি গাঁৱৰ যুৱক দীপাংকৰ গোৱালা(২৫) আৰু নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা(২৫)। জানিব পৰা মতে,কৰ্মসূত্ৰে যুৱক কেইজন কামপুৰৰ পৰা বাহিৰত থাকি এক সপ্তাহ পূৰ্বে ঘৰলৈ উভতি আহি ঘৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল । ইয়াৰে বাৰ্থদে পাৰ্টীত অংশগ্ৰহণ কৰিব যাওঁ বুলি ঘূৰি নহা সুভাষ হীৰাই আলফাত যোগদান কৰিছে বুলি একপ্ৰকাৰে নিশ্চিত হৈছে পৰিয়ালৰ লোক (youth in ULFA-I) । আনহাতে, যুৱক তিনিজনক লৈ সম্প্ৰতি শোকাকুল পৰিবেশে বিৰাজ কৰিছে পৰিয়াল তিনিটাৰ লগতে সমগ্ৰ অঞ্চলত । যুৱক তিনিজনৰ পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে আলফা স্বাধীন প্ৰধান পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ পুত্ৰক ঘৰলৈ উভতাই আনিবৰ বাবে আহ্বান জনাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
Last Updated : Feb 3, 2023, 8:20 PM IST