thumbnail

By

Published : Feb 22, 2022, 12:39 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Ukraine-Russia tensions: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে অসম পালেহি ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল(Russia-Ukraine crisis continues)। দুয়োখন দেশৰ যুদ্ধৰ আশংকাক লৈ উদ্বিগ্ন ভাৰতীয় দূতাবাস(Tense between Russia and Ukraine) ৷ দুয়োখন দেশৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইতিমধ্যে ৰাছিয়াই সীমাৰ ওচৰত বৰ্তমান মুঠ এক লাখৰো অধিক সৈন্য মোতায়ন কৰি ৰখাৰ কথা দাবী কৰিছে ইউক্ৰেইনে । এনে যুদ্ধৰ আশংকাৰ মাজতে ইউক্ৰেইনৰ বুক’ভিনিয়ান ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী অসমীয়া মেধাৱী ছাত্ৰ বিনায়ক শৰ্মাই দেওবাৰে গোলাঘাটৰ শ্ৰীমন্ত নগৰৰ নিজা বাসগৃহত উপস্থিত হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে পিতৃ-মাতৃৰ লগতে পৰিয়ালে(Student studying in Ukraine returns to Assam) ৷ উল্লেখ্য যে, দেশ দুখনৰ মাজত চলি থকা এনে অস্বাভাৱিক পৰিৱেশৰ বাবে শংকিত হৈ ইতিমধ্যে ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক ভাৰতলৈ উভতি আহিবৰ বাবে আহ্বান জনাইছিল ভাৰতীয় দূতাৱাসে । কিন্তু বৰ্তমানেও ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতৰ বহু ছাত্ৰ ছাত্ৰী আৰু লোক(Indian students stuck in Ukraine) ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.