মানসিক ভাৰসাম্য হেৰুওৱা এগৰাকী শিল্পীলৈ জুবিন গাৰ্গৰ সহায়ৰ হাত
🎬 Watch Now: Feature Video
একালৰ এগৰাকী জনপ্ৰিয় বাদ্য-যন্ত্ৰ শিল্পী(hands artist) ৷ এইগৰাকী শিল্পীয়ে এটা সময়ত বহু জনপ্ৰিয় কন্ঠ শিল্পীৰ সৈতে বাদ্য-যন্ত্ৰী হিচাপে অনুষ্ঠান পৰিৱেশন কৰিছিল ৷ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ স্বৰূপ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ(heart throb Zubeen Garg)ৰ লগতো গীত ৰেকৰ্ডিং(song recording) কৰিছিল শিল্পী গৰাকীয়ে ৷ পিছে বিগত বহুদিন ধৰি শিল্পী গৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পদপথ বা ফুটপাথকে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ সংবাদ মাধ্যমত এই কথা আলোচিত হোৱাত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে তেওঁৰ বৰ্তমান অৱস্থাৰ কথা উমান পায় ৷ ইয়াৰ পিছতেই তেওঁক পুনৰ সুস্থ কৰি তুলিব লাগিব বুলি মন্তব্য কৰে জুবিন গাৰ্গে ৷ সেই মৰ্মেই যোৰহাটৰ জুবিন ফেণ ক্লাৱে(zubeen fan club) বহু কষ্টৰে শিল্পী গৰাকীক পদপথৰ পৰা উদ্ধাৰ কৰি নাজিৰাৰ মানসিক ৰোগীৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷ অৱশেষত, সোমবাৰে নাজিৰাৰ মানসিক ৰোগীৰ পুনৰ সংস্থাপন কেন্দ্ৰৰ এটা দলে আহি পিকো মালাকাৰ নামৰ একালৰ জনপ্ৰিয় শিল্পী গৰাকীক পুনৰ এক নতুন জীৱন দিয়াৰ প্ৰতিশ্ৰুতিৰে নাজিৰালৈ লৈ যায় ৷