thumbnail

By

Published : Oct 26, 2021, 10:03 PM IST

ETV Bharat / Videos

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ

বঙাইগাঁও জিলাৰ মানিকপুৰ উপ বন সংমণ্ডলৰ অন্তৰ্গত আবাদি গাঁৱৰ পৰা মঙলবাৰে প্ৰায় ৫০ হাজাৰ টকাৰ অবৈধ কাঠৰ কুণ্ডা জব্দ কৰা হয় । বঙাইগাঁও বন সংমণ্ডল আৰু মানিকপুৰ উপ বন সংমণ্ডলৰ লোকে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই প্ৰায় ৪০ ডাল কাঠৰ কুণ্ডা জব্দ কৰে ৷ বন সংমণ্ডল লোকে অভিযানৰ সময়ত এটা কাঠফলা মিলো উচ্ছেদ কৰে ৷ বন বিভাগে সম্প্ৰতি কাঠৰ কুণ্ডাখখিনি মানিকপুৰ উপ বন সংমণ্ডলৰ কাৰ্যালয়ত জমা ৰাখে । অৱশ্যে অভিযানৰ সময়ত বন বিভাগৰ বিষয়াই কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.