কলিয়াবৰত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ
🎬 Watch Now: Feature Video
কলিয়াবৰত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ কলিয়াবৰৰ দলৰবাৰী গাঁৱত বুধবাৰে নিশা সিদ্ধেশ্বৰ শৰ্মাৰ বাসগৃহত উপদ্ৰৱ চলাই বন্যহস্তীয়ে ৷ নিশা প্ৰায় ১২.৩০ বজাত এটা প্ৰকাণ্ড হাতীয়ে দলৰবাৰী গাঁৱত প্ৰৱেশ কৰি সিদ্ধেশ্বৰ শৰ্মাৰ ধান থোৱা কোঠাটোৰ পকীবেৰ ভাঙি লণ্ডভণ্ড কৰে । অৱশ্যে বনৰীয়া হাতীৰ আগমনৰ সম্ভেদ লাভ কৰাৰ পাছতেই স্থানীয় ৰাইজ উপস্থিত হৈ আন কোনো অনিষ্ট কৰাৰ আগতেই হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয় । বৰ্তমান কলিয়াবৰৰ অধিক সংখ্যক গাঁৱতেই বন্যহস্তীৰ সন্ত্ৰাসত নিশা বাহিৰ-ভিতৰ কৰিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে । পূৰ্বে ধান পকা বতৰত কাজিৰঙা, কাৰ্বি পাহাৰ, লাওখোৱা আদি সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে কলিয়াবৰত উপদ্ৰৱ চলাইছিল যদিও এতিয়া বাৰ মাহেই চলে বন্যহস্তীৰ উপদ্ৰৱ । তদুপৰি বন্যহস্তীয়ে দিনক দিনে নতুন নতুন অঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে ৷ স্থানীয় লোকে বন বিভাগক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।