স্বামীক মোকোলাই দিবলৈ কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

By

Published : May 10, 2021, 10:04 PM IST

Updated : May 10, 2021, 10:53 PM IST

thumbnail
অপহৃত স্বামীক উদ্ধাৰ কৰিবলৈ ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনালে ৰিতুল শইকীয়াৰ পত্নীয়ে ৷ যোৱা ২০ এপ্ৰিলৰ নিশা লাকুৱাৰ অ’এনজিচিৰ ৰিগৰ পৰা তিনিজনকৈ অইলৰ কৰ্মচাৰীৰ আলফা(স্বা)নে অপহৰণ কৰিছিল । তাৰে দুজন ক্ৰমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক সেনা বাহিনীয়ে উদ্ধাৰ কৰে যদিও আজি পৰ্যন্ত শুংসূত্ৰ নাই তিতাবৰ বৰহোলা নাঙল গাঁৱৰ ৰিতুল শইকীয়াৰ ৷ দীৰ্ঘদিনে অপহৃত ৰিতুলৰ সন্ধান নাপাই এতিয়া তীব্র শংকাত ভূগিছে শইকীয়াৰ পত্নীৰ লগতে পৰিয়ালৰ লোক । সম্প্ৰতি স্বামীক সোঁ-শৰীৰে মুক্তি দিবলৈ চাৰিমহীয়া সন্তানক কোলাত লৈ ৰিতুল শইকীয়াৰ পত্নীয়ে কাতৰ আহ্বান জনাইছে আলফা (স্বা)ৰ লগতে অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক । ইতিমধ্যে নৱনিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পিছতে সম্বোধন কৰা সংবাদমেলত নিষিদ্ধঘোষিত সংগঠন আলফা(স্বা) ক মূলসূঁতিলৈ ঘূৰি আহি শান্তিপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ তেনেক্ষেত্ৰত নতুনকৈ গঠিত চৰকাৰখনে অ’এনজিচিৰ অপহৃত কৰ্মচাৰীগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷
Last Updated : May 10, 2021, 10:53 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.