thumbnail

By

Published : Feb 7, 2022, 12:32 PM IST

ETV Bharat / Videos

GMCH প্ৰেক্ষাগৃহত পৰিবহণ বিভাগৰ অনুজ্ঞাপত্ৰৰ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটী GMCH প্ৰেক্ষাগৃহত দেওবাৰে পৰিবহণ বিভাগৰ উদ্যোগত বাহনৰ অনুজ্ঞাপত্ৰ বিতৰণৰ এক প্ৰশিক্ষণ শিবিৰৰ (Vehicle License Training Camp at Guwahati) আয়োজন কৰা হয় । এই শিবিৰত ইতিমধ্যে প্ৰাৰম্ভিক অনুজ্ঞাপত্ৰ পোৱাসকলক চূড়ান্ত অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় (Training Camp at Guwahati GMCH Auditorium) । উল্লেখ্য যে, চিকিৎসা খণ্ডৰ লগত জড়িত চিকিৎসকসকলে কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি অনুজ্ঞাপত্ৰ লাভৰ পৰা বঞ্চিত হৈ আহিছিল ৷ মানৱ সেৱাৰ লগত জড়িত এইসকল চিকিৎসকক সহযোগিতা আগবঢ়োৱাৰ বাবে পৰিবহণ বিভাগে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে ৷ শিবিৰত প্ৰায় দুই শতাধিক কনিষ্ঠ চিকিৎসকক বাহন চলোৱাৰ প্ৰশিক্ষণ দিয়া হয় । কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া গৌতম দাস এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.