মূল্যবৃদ্ধি আৰু প্ৰাপ্য মজুৰিৰ দাবীত উত্তাল প্ৰতিবাদ - মধ্যাহ্ন ভোজন
🎬 Watch Now: Feature Video
সোমবাৰে বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, গণতান্ত্ৰিক যুৱ ফেডাৰেচন, কিষাণ সভাৰ লগতে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা আৰু বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰে ৷ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে দৰমহা নিয়মীয়াকৈ নোপোৱাত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৰ্মচাৰীসকল ৷ মধ্যাহ্ন ভোজন আঁচনিখন সম্পূৰ্ণ ব্যক্তিগতকৰণ কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰত নামিছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷ মাহিলী দৰমহাৰ বিপৰীতে দৈনিক মজুৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে ৷ তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল জাতীয় সামগ্ৰীৰ কৰসমূহ বৃদ্ধি কৰি একপ্ৰকাৰে লুণ্ঠন চলোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীব্ৰ কটাক্ষ কৰে ৷ নিৰ্বাচনৰ সময়ত চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেই সকলোবোৰ মিছা বুলি কটাক্ষ কৰে প্ৰতিবাদকাৰীসকলে ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৈনিক মূল্য বৃদ্ধি হোৱাত দৰিদ্ৰ লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে যদিও চৰকাৰখনে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ কোনো ব্যৱস্থা কৰা নাই ৷ ইয়াৰ বিপৰীতে ৰাইজক ৰক্ষণাবেক্ষণ দিয়াত বিজেপিৰ মিত্ৰজোঁট চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷ উক্ত বিষয়টোক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী গ' বেক, বিজেপি চৰকাৰ হায়-হায় আদি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷