ভাৰতীয় বহু শিল্পীয়ে সমূহীয়াভাৱে জুৰিলে কৰ'ণা সজাগতাৰ বিশেষ গীত
🎬 Watch Now: Feature Video
সমগ্ৰ বিশ্বত কৰ'ণা ভাইৰাছে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ সকলোৱে নিৰন্তৰ ভাৱে যুঁজ দিছে এই মহামাৰীৰ বিৰুদ্ধে ৷ বিশেষকৈ চিকিৎসক, চিকিৎসাকৰ্মীয়ে অহৰ্নিশে সেৱা আগবঢ়াইছে ৷ এই ৰোগ সংক্ৰমণ নহ'বলৈ লক্ ডাউন মানিছে সকলোৱে ৷ এনে এক পৰিস্থিতিত টিপচ মিউজিকে নিৰ্মাণ কৰিছে এটি বিশেষ গীত ৷ ভাৰতৰ বহু শিল্পীয়ে নিজ ঘৰত থাকি অংশ লৈছে এই গীতটোত ৷ য'ত দেশৰ আগশাৰীৰ শিল্পীসকলৰ সৈতে অসমৰ কন্ঠশিল্পী বৰ্ণালী কলিতাই কন্ঠদান কৰাৰ লগতে অভিনেতা ৰবি শৰ্মাই অভিনয় কৰিছে ৷ উল্লেখ্য যে, গুজৰ জায়েগা য়ে লমহা শীৰ্ষক গীতটো কৰ'ণাৰ বিৰুদ্ধে যুঁজি থকা যুঁজাৰু সকলক প্ৰেৰণা দিয়াৰ অৰ্থে নিৰ্মাণ কৰা হৈছে ৷