thumbnail

By

Published : Nov 22, 2021, 7:02 PM IST

ETV Bharat / Videos

পাঠশালাত ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে Irani Groupৰ সদস্যক

বৰপেটা জিলাৰ পাঠশালা নগৰৰ মাজমজিয়াত অৱস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা ৰতনপুৰ গাঁৱৰ মনোৰঞ্জন শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে ধন উলিয়াই অনা সময়তে ইৰাণী গ্ৰুপৰ সদস্য(member of irani group)ই ব্যক্তিগৰাকীৰ ধন কাঢ়ি নিয়ে । এই ঘটনা প্ৰত্যক্ষ কৰা স্থানীয় ব্যক্তিসকলে ততালিকে ডকাইতটোক খেদি খেদি ধৰিবলৈ সক্ষম হয় । লগে লগে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ কৰিমউদ্দিন নামৰ ডকাইতটোক ৰাইজৰ মাজৰ পৰা নিজৰ জিম্মা(Thief of Irani Group Arrested)ত লয় । আনহাতে এই ঘটনাৰ পিছত মনোৰঞ্জন শৰ্মা নামৰ ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে । তেওঁক বলপূৰ্বকভাৱে নিচাজাতীয় দ্ৰব্য খোৱাই দিয়া বুলি সন্দেহ কৰিছে ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.