ৰঙালীৰ অন্যতম পৰম্পৰাগত খাদ্য আমৰলি পৰুৱাৰ টোপ - আমৰলি পৰুৱা টোপ
🎬 Watch Now: Feature Video
আজি গৰু বিহু ৷ প্ৰাণৰ, হেঁপাহৰ ৰঙালী বিহুৰ পহিলা দিনটো গৰু বিহু হিচাপে পালন কৰিলে ৰাজ্যবাসীয়ে ৷ চ’তৰ সংক্ৰান্তিৰ দিনা পালন কৰা গৰু বিহুৰ লগত সংগতি পৰম্পৰাগত কেতবোৰ খাদ্য সংগ্ৰহ কৰে অসমীয়া ৰাইজে ৷ গৰু বিহুৰ এই পৰম্পৰাগত খাদ্য হিচাপে বিভিন্ন গছৰ ওপৰৰ ডালত বাঁহ বান্ধি আশ্ৰয় লৈ থকা আমৰলি পৰুৱা অন্যতম ৷ ইয়াৰ টোপ উচ্চ প্ৰ’টিনযুক্ত ৷ জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা এই আমৰলি পৰুৱাৰ টোপ খালে বছৰটোলৈ মানুহ নিৰোগী হৈ সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰে ৷ বিভিন্ন বেমাৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰে ৷ সেয়ে অশেষ কষ্ট কৰি গছত উঠি আমৰলি পৰুৱাৰ কামোৰ খাই অশেষ বিষ সহ্য কৰিও এয়া সংগ্ৰহ কৰা হয় ৷ গৰু বিহুৰ দিনা বহুতেই আমৰলি পৰুৱাৰ টোপ সংগ্ৰহ কৰা দেখা যায় ৷ পিছে দুখৰ বিষয় যে পূৰ্বৰ দৰে গছ-গছনি নথকাৰ বাবে আমৰলি পৰুৱা ক্ৰমান্বয়ে নোহোৱা হৈ আহিছে ৷