অসমীয়া যুৱকে সাজি উলিয়ালে বাঁহৰ তাজমহল, ইণ্ডিয়া গেটকে ধৰি ত্ৰিৰংগা পতাকা - Tihu youth made tajmahal with bamboo

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 29, 2022, 10:27 AM IST

ফাষ্টফুডৰ দোকান দিব পৰাকৈ থেলা গাড়ী নিৰ্মাণ কৰি চৰ্চালৈ আহিছে টিহুৰ এজন যুৱক (Tihu Youth come into limelight) ৷ পূৰ্বেও নিৰ্মাণ কৰিছিল বাঁহৰ বিভিন্ন সামগ্ৰী ৷ তাজমহল, ইণ্ডিয়া গেটকে ধৰি ত্ৰিৰংগা পতাকালৈ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যুৱকজনে ৷ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত মানুহে অসাধ্যকো সাধন কৰিব পাৰে তাকেই প্ৰমাণ কৰি দেখুৱাইছে টিহুৰ কুলদ্বীপ শীলে । টিহুৰ মাখিবাহা গাঁৱৰ বালাপাৰা চুবুৰীৰ নিবাসী কুলদ্বীপ শীল নাৰায়ণ শীল আৰু বিজয়া শীলৰ কণিষ্ঠ পুত্ৰ । সপ্তম শ্ৰেণীৰ পৰাই বাঁহেৰে সামগ্ৰী তৈয়াৰ কৰাত মন বহিছিল কুলদ্বীপৰ ৷ কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ থকা কুলদ্বীপৰ হাতত পিছলৈ বাঁহৰ ৰংঘৰ, তাজমহল, লণ্ডন ব্ৰীজ, ইণ্ডিয়া গেট, শৰাই, চকী আদিয়ে প্ৰাণ পাই উঠিল (Tihu youth making bamboo products) ৷ প্ৰথমে সফলতাৰ মুখ দেখা নাপালেও নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল টিহুৰ এই বিস্ময় যুৱকজন ৷ প্ৰায় ডেৰ মাহৰ নেৰা-নেপেৰা প্ৰচেষ্টাত কুলদ্বীপে বাহেৰে থেলা গাড়ী এখন নিৰ্মাণ কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.